newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি-পিডিপিৰ মিত্ৰতা ভংগৰ পিছতে মহাৰাষ্ট্ৰৰ আঞ্চলিক দল তথা বিজেপিৰ মিত্ৰ দলে শিৱসেনাই বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ আৰম্ভ কৰিছে৷ এইবাৰ জম্মু কাশ্মীৰত অৰাজকতা সৃষ্টি কাৰাৰ অভিযোগ উত্থাপন কৰে শিৱসেনাই৷ শিৱসেনাই অভিযোগ উত্থাপন কৰি কয় যে জম্মু কাশ্মীৰত অৰাজকতাৰ সৃষ্টি কৰি চৰকাৰৰ পৰা ওলাই আহিছে বিজেপিয়ে৷ বিজেপিৰ লালসাৰ বাবে চৰকাৰ গঠন কৰি এনে কৰা কাৰ্যক ইতিহাসে ক্ষমা নকৰিব বিজেপিক৷
পিটিআইত প্ৰকাশিত এক খবৰ মতে, শিৱসেনাই জম্মু-কাশ্মীৰত বিজেপিৰ শাসনকালক ব্ৰিটছৰ শাসন কাল আখ্যা দিয়ে৷ বিজেপিয়ে দেশদ্ৰোহী, হিংসা-হত্যাৰ ৰোধ কৰাত বেয়াকৈ বিফল হৈছে বুলিও কয়৷ কিন্তু বিজেপিয়ে বিফলতাৰ বাবে পিডিপিক দোষাৰোপ কৰিছে৷ দেশ চলোৱা কোনো কেচুৱাৰ কাম নহয় বুলি কয়৷