newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ চিৰিংহোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত কুৱৰী পথাৰ গাঁৱত আজিও নাই বিদ্যুতৰ সংযোগ৷ যি সময়ত পৰিৱৰ্তন কামী চৰকাৰ খনে ২৪ ঘণ্টা বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ বিজেপি চৰকাৰে সকলো গাঁৱতে বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰিছে তেনে সময়তে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ এটা এলেকাত নাই বিদ্যুতৰ সংযোগ৷ যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্রুতি ফুটুকাৰ ফেন হৈ পৰিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ ফলত পোহৰ দেখিবলৈ পোৱা নাই লাহোৱালৰ কুৱৰী পথাৰ গাঁৱৰ ৰাইজে৷
