newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি-পিডিপি মিত্ৰজোঁট ভংগৰ লগতে জম্মু কাশ্মীৰ চৰকাৰৰ পতন হোৱাৰ অন্তত ৰাজনৈতিক দলৰ মাজক বাকযুদ্ধ অব্যাহত আছে৷ তাৰ মাজতে এগৰাকী কংগ্ৰেছ নেতাই চৰ্দাৰ পেটেলে কাশ্মীৰক পাকিস্তানক এৰি দিব বিচাৰিছিল বুলি কয়৷ ইমানে নহয় জৱাহাৰলাল নেহেৰুৱে দিয়াৰ পক্ষত নাছিল বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰে৷
ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি কেনেদৰে সম্ভৱ তাকেই লৈ সোধা প্ৰশ্ন উত্তৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চেইফুদ্দিন চৌজে কয় শান্তিৰ বাবে সীমা সলনি কৰিব নোৱাৰি৷ দুয়োদেশৰ মাজত আলোচনাৰ বাহিৰে আন কোনো পথ নাই৷’’