newsnextone.com | নগাঁওঃ আকৌ এবাৰ ভাৰত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আলফা নেতা জিতেন দত্ত৷ নাগৰিকত্ব সংশোধনী বিধেয়ক অসমত জাপি দি অসমীয়াক অস্তিত্ব ধ্বংস কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰি জাতি ধ্বংস কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে দত্তই৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে গ্ৰাম্য অঞ্চলত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সভা অনুষ্ঠিত কৰি আহিছে আলফাই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খিলঞ্জীয়া মঞ্চ-অসমৰ উদ্যোগত নগাঁৱৰ চকলাঘাটৰ গান্ধী পথাৰত অনুষ্ঠিত হোৱা এখন বিশাল সভাত অংশ লৈ দত্তই
অসমীয়া জাতিটো নিশ্চিন্ন হোৱাৰ উপক্ৰম ঘটিছে বুলি চিন্তা জাহিৰ কৰে৷