newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে গো ৰক্ষাৰ নামত হত্যাকাণ্ড৷ গৰুক ৰক্ষাৰ বাবে একাংশ লোকে লাঠি, জোং লৈ ৰাজপথত মানুহক আক্ৰমণ কৰাৰ ফলত সমগ্ৰ দেশত বিগত সময়ত কেইবাটাও অবাঞ্চিত ঘটনা সংঘটিত হৈছে৷
কিন্তু এইবাৰ সাধাৰণ লোকে নহয় আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে গো মাংসৰ ব্যৱসায়ী বুলি সন্দেহ কৰা এগৰাকী লোকৰ৷ দেশত ইতিমধ্যে কেইবাগৰাকী লোকৰ প্ৰাণ গৈছে৷ গো ৰক্ষাৰ নামত সাধাৰণ লোকে মানুহক হত্যা পৰ্য্যন্ত কৰিছিল যদিও এইবাৰ আৰক্ষীয়ে মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷