newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ কেন্ট এলেকাত এগৰাকী সেনা মেজৰৰ পত্নীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, মেজৰ পত্নীয়ে শনিবাৰে পুৱা ১০ বজাত ফিজিঅ’থেৰাপিৰ বাবে আৰ্মী হস্পিতাললৈ গৈছিল৷
কিছু সময় পিছত যেতিয়া ড্ৰাইভাৰে মহিলাগৰাকীক আনিবলৈ হস্পিতাললৈ যোৱাত জানিব পাৰে যে মহিলাগৰাকী ফিজিঅ’থেৰাপিৰ বাবে অহাই নাছিল৷ সন্ধিয়া ৪ বজালৈ মহিলাগৰাকী ঘৰলৈ উভটি নহাত মেজৰ স্বামীয়ে স্থানীয় আৰক্ষী থানাত পত্নী সন্ধানহীন হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷