পাকিস্তানঃ ৰাষ্ট্ৰসংঘৰ শান্তিৰ দূতৰ বাবে নিৰ্বাচিত হৈছে পাকিস্তানৰ সমাজকৰ্মী মালালা ইউচুফজাই৷ শান্তিৰ নোবেল বটা বিজয়ী মালালা ইউচুফজাইক ৰাষ্ট্ৰসংঘৰ শান্তিৰ দূতৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গোটেৰেছে এই সন্মানৰ বাবে নিৰ্বাচিত কৰে৷
ৰাষ্ট্ৰসংঘৰ এই সৰ্বোচ্চ সন্মানৰ কথা শুক্ৰবাৰে ঘোষণা কৰা হয়৷ মালালাৰ লগতে হলিউডৰ অভিনেতা লিউনাৰ্ড কেপ্ৰীকও, মাইকেন ডোগালছকে ধৰি কেইবাজনো বিশিষ্ট ব্যাক্তিক নিৰ্বাচিত কৰা হয়৷ সোমবাৰে এই সন্মান আগবঢ়োৱা হ’ব৷