লখিমপুৰঃ অৱশেষত বহু প্ৰত্যাশিত উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আজি শুভাৰম্ভ কৰে মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা¸ গড়কাপ্তানি¸ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য¸ সাংস্কৃতিক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেকে ধৰি ভালেকেইজন মন্ত্ৰী বিষয়া আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত চিকিৎসা মহাবিদ্যালয়খনৰ ভূমি পূজা আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
২০১১ বৰ্ষতে প্ৰস্তাৱিত প্ৰকল্প অনুসৰি চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য আৱশ্যকীয় ভূমিৰ অভাৱত আধৰুৱা হৈ আছিল। আৱশ্যকীয় ১০০ বিঘা ভূমিৰ পৰিৱৰ্তে উপলব্ধ আছিল মাত্ৰ ৫৫ বিঘা মাটি। নতুনকৈ ভূমি আবন্টনৰ পাছতে সুদীৰ্ঘ ৬ বছৰৰ মূৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে সোণোৱাল চৰকাৰে।