১১ ডিচেম্বৰ, ২০১৯৷ অসম আন্দোলনৰ পাছতে ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনটো এক ক’লা অধ্যায় হিচাপে অংকিত হৈ আছে৷ এই দিনটোতে সদনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। নাগৰিকত্ব আইন সংশোধনৰ খবৰ পোৱাৰ পাছতে ২০১৭ চনৰ পৰাই অসমত আৰম্ভ হৈছিল প্ৰতিবাদ৷ ২০১৮ চনৰ পৰা এই প্ৰতিবাদ জোৰদাৰ হৈছিল৷ ২০১৯ চনৰ মে’ মাহৰ পৰা প্ৰতিবাদে ভয়ংকৰ ৰূপ লয়৷ কিন্তু ৭ ডিচেম্বৰৰ পৰা সমগ্ৰ অসম জ্বলিবলৈ আৰম্ভ কৰিছিল৷ মানুহ ৰাজপথতে আছিল৷ কোনো কাৰণতে এই ক’লা আইন মানি ল’ব খোজা নাছিল৷ কিন্তু অসমৰ মানুহৰ জনমতক আওকান কৰি নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে।