টাৱাংঃ উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা অৰুণাচল প্ৰদেশৰ টাৱাঙত চহৰত ভক্তিৰ সোঁত বৈছে৷ তীব্বতীয় ধৰ্মগুৰু দালাই লামাই সহশ্ৰাধিক লোকক সম্বোধিত কৰি আধ্যাত্মিক ভাষণ আৰম্ভ কৰিছে৷ সকলোৱে হাতযোৰ কৰি চতুৰ্দশ দালাই লামাৰ আধ্যাত্মিক বক্তৃতা শুনিছে৷
১২ দিনীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণত থকা আধ্যাত্মিক গুৰুজনে অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ উপস্থিতিত টাৱাং ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে৷ চীনৰ অসন্তুষ্টি স্বত্বেও ভাৰত চৰকাৰৰ উৎসাহতে দালাই লামাই আজি এনে এক বিশাল জনতাক সম্বোধন কৰিবলৈ সুযোগ লাভ কৰা বুলি মূখ্যমন্ত্ৰী খাণ্ডুৱে মন্তব্য কৰে৷