newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশবাসীৰ সৈতে বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ এয়া ৪৫তম খণ্ড আছিল৷ ‘মন কী বাত’ৰ জৰিয়তে মোডীয়ে ভাৰত আৰু আফগানিস্তানৰ মাজত হোৱা ঐতিহাসিক ক্ৰিকেট টেষ্ট মেচখনৰ কথা সোঁৱৰি ভাৰতীয় ক্ৰিকেট দলৰ খেল শৈলীৰ প্ৰশংসা কৰে৷
মোডীয়ে কয়, বাংগালুৰুত অনুষ্ঠিত হোৱা ভাৰত-আফগানিস্তানৰ মাজৰ টেষ্ট মেচ খনত আফগানিস্তানৰ ষ্টাৰ বলাৰ ৰাচিদ খানৰ খেল যথেষ্ট সুন্দৰ আছিল৷ এই মেচখন সদায় স্মৰণীয় হৈ থাকিব৷ এই মেচখন মোৰ মনত থকাৰ কাৰণ হৈছে সিদিনা ভাৰতীয় দলে খেলৰ বিজয়ী বঁটা গ্ৰহণৰ সময়ত আফগানিস্তন দলকো আমন্ত্ৰণ জনায় আৰু দুয়োটা দলে একেলগে ফটো লয়৷