newsnextone.com | পাঠশালাঃ দেওবাৰে কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকৰ উপস্থিতিত নামনিৰ বৰপেটা জিলাৰ বজালী মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত সাংবাদিকতা বিষয়ৰ কৰ্মশালা অনুষ্ঠিত হয়৷ বৰ্তমানৰ প্ৰজন্মই সাংবাদিকতাৰ জগত খনৰ প্ৰতি আকৰ্ষিত হোৱাৰ ফলতেই ৰাজ্যৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত সাংবাদিকতাৰ পাঠ্যক্ৰম আৰম্ভ হৈছে৷ বৰপেটা জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়টো আৰম্ভ কৰা গণ সংযোগ আৰু সাংবাদিকতা বিভাগ আৰু স্বেচ্ছাসেৱী অনুষ্ঠান দ্যা স্ক্ৰিম আৰ্ট ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া উপস্থিত থাকে৷
নিতুমণি শইকীয়াই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে প্ৰদান কৰা ভাষণত সাংবাদিকতাৰ বৃত্তিক অপবিত্ৰ নকৰিবলৈ আহ্বান জনায়৷ সাংবাদিকতাৰ পৰিচয় পত্ৰখনক কোনেও যাতে টকা ঘটাৰ অনুজ্ঞাপত্ৰ হিচাপে ব্যৱহাৰ নকৰে তাৰ বাবেও সচেতন হ’বলৈ কয়৷ নিতুমণিয়ে কয় ‘‘একো এটা কৰিব নোৱাৰিলেও সাংবাদিক হ’ব পাৰি বুলি ভাবে বহুতেই৷ যাতে এই ক্ষেত্ৰখনলৈ আহি সাংবাদিকতাৰ নিচিনা পবিত্ৰ বৃত্তিটোক অপবিত্ৰ নকৰে৷ মাথোন টিআৰপিৰ স্বাৰ্থত যিকোনো পৰ্যায়লৈ যোৱাটো উচিত নহয়৷ বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত সাংবাদিক হ’বলৈ সাংবাদিকতাৰ শিক্ষা জৰুৰী৷’’