newsnextone.com | তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পল্লৱ লোচন দাসে সমষ্টিত উন্নয়ন-পৰিৱৰ্তনৰ শ্ল’গান দি বিধায়ক হোৱাৰ সম্পূৰ্ণ ২৫ মাহ উকলি যোৱাৰ পাছতো ৰঙাপৰা সমষ্টিৰ উন্নয়ন শূন্য বুলি অভিযোগ উত্থাপিত হৈছে৷ কংগ্ৰেছত থকা কালত বিসম্বাদ কৰি সময় পাৰ কৰা মন্ত্ৰী পল্লৱে যোৱা কেইবাটাও মাহ ধৰি সমষ্টিৰ লোকৰ পৰা পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ নিজ সমষ্টিৰ বাবে একো নকৰাৰ অভিযোগ উত্থাপন কৰা মন্ত্ৰী পল্লৱে নিজৰ বিভাগো পালনত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ শক্তি মন্ত্ৰিত্বৰ দায়িত্বত থকাৰ কালত বিভাগ চম্ভালিব নোৱাৰাৰ ফলতেই বিদ্যুৎৰ তাঁৰ ছিগি প্ৰায় ৯০গৰাকী লোকৰ মৃত্যু হৈছিল ২০১৭ বৰ্ষত৷
আনহে নালাগে যিটো সমষ্টিৰ লোকৰ ভোট লৈ নিৰ্বাচনত জয়ী হৈ মন্ত্ৰিত্ব লাভ কৰিলে সেই সমষ্টিক এতিয়া ঘুৰি নোচোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ সমষ্টিৰ উন্নয়নৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজ তথা স্থানীয় দল-সংগঠন। বালিপৰা উন্নয়ন সমিতি, ৰঙাপাৰা আছু, অসম সেনা, বালিপৰা শাখা ছাত্ৰ সন্থা আৰু বালিপৰা ব্যৱসায় সন্থা আদিয়ে লাহে লাহে ক্ষোভিত হৈ পৰিছে৷