newsnextone.com | নগাঁওঃ ৰাজ্যত সংঘটিত বিভিন্ন অপৰাধ জনিত ঘটনাৰ পিছে পিছে দৌৰি ফুৰি সদায় ব্যস্ত থকা এগৰাকী আৰক্ষী বিষয়াৰ অন্তৰত যে শিক্ষকতাৰ মনোভাব নিহীত হৈ থাকে তাক দেখা গল নগাঁও জিলাৰ অন্তৰ্গত টুকটুকীত। দেওবাৰে অনুষ্ঠিত হোৱা অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্রীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এখন সভাত ব্যতিক্ৰমী ৰূপত দেখা গল নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাসক।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আৰক্ষী বিষয়াগৰাকীয়ে গতানুগতিক ভাষণৰ পৰিৱৰ্তে উপস্থিত ছাত্ৰ-ছাত্রীক দিলে নীতি শিক্ষা দিয়ে। আনকি আৰক্ষী বিষয়াগৰাকীয়ে মঞ্চৰ পৰা নামি গৈ প্ৰেক্ষাগৃহত বহি থকা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে শিক্ষা বিষয়ক প্ৰশ্ন সুধি সকলোকে আপ্লুত কৰে৷ তদুপৰি আৰক্ষী বিষয়াগৰাকীয়ে ম’বাইল, হোৱাটছএপ বা ফেচবুকত ছাত্ৰ-ছাত্ৰীয়ে সময় অপব্যয় নকৰি তাৰ পৰিৱৰ্তে অধ্যয়ণত ব্ৰতী হৈ এক নিৰ্দ্দিষ্ট লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক উপদেশ দিয়ে৷