newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ডৰ শনিবাৰে সংঘটিত হয় ভয়াবহ বিদ্যুৎস্পৃষ্টৰ ঘটনা। ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি কৰুণভাৱে মৃত্যুক আকোৱালি লয় দুজন নিৰীহ লোকে। জানিব পৰা মতে, ভৈৰৱকুণ্ডৰ পৰা ভূটানলৈ যোৱা পথৰ ওপৰত আবেলি এখন বজাৰ বহে। বজাৰৰ সমীপতে ওপৰেৰে পাৰ হৈ যোৱা এডাল বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰি কেইবাটাও গৃহত অগ্নিকাণ্ড সংঘটিত হয়।
সাধাৰণ জুই বুলি সন্দেহ কৰি পৰিয়ালৰ লোকে জুই নিৰ্বাপন কৰিবলৈ উক্ত স্থানলৈ গৈ নিৰ্বাপনৰ চেষ্টা চলাই। ফলত বিদ্যুৎ পৰিবাহী তাঁৰত হৈলাগি হঠাৎ দুয়োজন লোকক বহু দূৰলৈ দলিয়াই দিয়াত অভিমান্যু বসুমতাৰী(৩৫) আৰু নানকা ৰাজভৰ(৫০) মৃত্যুমুখত পৰে৷