newsnextone.com | মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নী নগৰৰ পৰা প্ৰায় ২৯ কিঃ মিঃ নিলগৰ নকচাৰি চেলেঙৰ ৭নং লাইনৰ এগৰাকী কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ জিলা খনৰ চেলেংহাট উপ-আৰক্ষী চকীৰ অন্তৰ্গত চেলেঙৰ ৭নং লাইনৰ বাসিন্দা ৰাজ গড় আৰু ববিতা গড়ৰ একমাত্ৰ পুত্ৰ ১০ বছৰীয়া অভিজিত গড়ৰ মৃত্যু হয়৷ এই মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷
একাংশ লোকে জানিবলৈ দিয়া মতে, যোৱা ২৩ জুনৰ বিয়লি অভিজিত গড় নামৰ দহ বছৰীয়া কিশোৰজনে জাঁজী নৈত অইন দিনাৰ দৰে গা ধুবলৈ গৈছিল৷ তেনেতে জাঁজী নৈৰ খহনীয়া ৰোধ কৰাৰ বাহেৰে নিৰ্মাণ কৰা পাৰ্কুপাইন আঘাতপ্ৰাপ্ত হয় অভিজিত৷