Home ৰাজ্য৬৫০ কিঃ মিঃ পথ চাইকেল চলাই নিলোৎপল-অভিজিতৰ ঘৰত উপস্থিত হ’ল জাগুনৰ ভূপেন

৬৫০ কিঃ মিঃ পথ চাইকেল চলাই নিলোৎপল-অভিজিতৰ ঘৰত উপস্থিত হ’ল জাগুনৰ ভূপেন

by News Desk
53 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ নীলোৎপল-অভিজিতৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিল ভূপেন লিকচনে৷ ভূপেন লিকচনে ৬৫০ কিঃ মিঃ যাত্ৰা কৰি সোমবাৰে পুৱা গুৱাহাটী মহানগৰীত উপস্থিত হৈ পোনে পোনে যায় নীলোৎপল ঘৰলৈ আৰু পিতৃক সাক্ষাৎ কৰে। দুয়ো যুৱকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি চৰকাৰক পত্ৰ যোগে দুই যুৱকৰ হত্যাকাৰীক উপয়ুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷

২২ জুনত জাগুনৰ পৰা গুৱাহাটী অভিমুখে চাইকেল চলাবলৈ আৰম্ভ কৰিছিল ভূপেনে৷ জঘন্য ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগেতে দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা আৰু হত্যাকাৰীক উপয়ুক্ত শাস্তি প্ৰদানৰ দাবী জনাই এই যাত্ৰা আৰম্ভ কৰিছিল৷ ইমানে নহয় তেওঁৰ যাত্ৰাৰ দ্বাৰা সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস আতৰ হোৱাৰ লগতে শান্তি কামনা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0