newsnextone.com | খেৰণিঃ দেওবাৰে নিশা ৰাজপথলৈ ওলাই আহে কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং৷ কাৰ্বি পাহাৰত নিশা পৰ্যন্ত চলি থকা বিভিন্ন আচঁনিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰংহাঙে নিশা বিভিন্ন আঁচনিৰ নিৰ্মাণ কাৰ্যস্থলিত উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।
যোৱা কেইবাটাও দিনৰ দৰে দেওবাৰে কাৰ্বি আংলঙৰ কেইবাটাও আঁচনিৰ নিৰ্মাণস্থলিত তুলিৰামে উপস্থিত হোৱাত দৌৰা-দৌৰি লাগে৷ নিশা শোৱাপাটী এৰি দৌৰ দিব লগা হয় নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত থকা ঠিকাদাৰ, বিভাগীয় বিষয়া-কৰ্মচাৰী। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ চলি থকা নিৰ্মাণ কাৰ্যৰ মানদণ্ড, অগ্ৰগতি দৃষ্টি ৰাখিছে বুলি জানিব পৰা যায় ।