খৈৰাবাৰীঃ ওদালগুৰি জিলাৰ অন্যতম খৈৰাবাৰী প্ৰেছ ক্লাৱৰ বিশেষ সাধাৰণ সভাখন খৈৰাবাৰী পৰিদৰ্শন বঙলাত জ্যেষ্ঠ নাগৰিক তথা খৈৰাবাৰী সাহিত্য সভাৰ উপদেষ্টা হৰেন্দ্ৰ নাথ শৰ্মা সঞ্চালনাত আজি সন্ধিয়া সম্পন্ন হয়।
প্ৰাক্তন সম্পাদক কমল ডেকাই বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰাৰ পিছতে পুৰণি সমিতি ভংগ কৰি গঠন কৰা হয় নতুন সমিতি। আগন্তুক দ্বি বাৰ্ষিক সমিতিৰ বাবে ধীৰেন মহলীয়া (নিয়মীয়া বাৰ্তা)ক সভাপতি, তিলক ৰামচিয়াৰীক (ভেৰগাঁও মহকুমা জনসংযোগ বিভাগৰ কৰ্মচাৰী) উপসভাপতি, প্ৰশান্ত কুমাৰক (অসমীয়া প্ৰতিদিন) উপসভাপতি, দ্বীপেন ডেকাক (ডি ৱাই ৩৬৫, নিউজ নেক্সট ৱান) সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়।