newsnextone.com | চাবুৱাঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই ৰাজ্যৰ চাহ শ্ৰমিকে সামন্য মজুৰিৰে ঘৰ চলাব নোৱাৰি হাহাকাৰ কৰিব লগা হৈছে৷ ফলত পুনৰ আন্দোলন কৰিব লগা চাহ শ্ৰমিকসকলে৷
৬ মাহ উকলি যোৱাৰ পিচতো বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নকৰাত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে আন্দোলনৰ কাৰ্যসুচী ঘোষণা কৰে৷ সমগ্ৰ অসম জুৰি চাইকেল, মটৰ চাইকেল ৰেলী কৰাৰ অন্তত ২৮ জুনত শিৱসাগৰৰ ডিমৌত এক সমাবেশৰ অনুষ্ঠিত কৰি এই প্ৰচাৰ অভিযানৰ অন্ত পৰিব৷
তাৰ মাজতে বিজেপি চৰাকৰক উঙতি ধৰিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে৷ বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে বুলি কৈ কোম্পানীৰ সৈতে হোৱা বুজাবুজি আৰু উপদেষ্টা ব’ৰ্ডৰ বৈঠকৰ নামত চাহ শ্ৰমিকসকলক আভুৱা ভাৰি আহিছে বুলি কৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে সোচ্চাৰ হৈ পৰে৷ বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰাৰ জবাব অহা নিৰ্বাচনত দিয়া হ’ব বুলি কয় চাহুৱে