newsnextone.com | গোৰেশ্বৰঃ শিক্ষাসংস্কাৰৰ কথা কোৱা শিক্ষা বিভাগে এতিয়া ৰাজহুৱা শিক্ষানুষ্ঠান ধ্বংসৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । ৰাজ্যখনত পৰ্যাপ্ত শিক্ষক থকা বুলি দম্ভালি মাৰি ফুৰা শিক্ষাবিভাগৰ বৰমুৰীয়াসকলৰ কাণ্ডজ্ঞানহীন কামৰ নমুনাই এতিয়া অন্ধকাৰ নমাই আনিছে ৰাজহুৱা খণ্ডৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ।
শিশুৰ শিক্ষা অধিকাৰৰ কথা কোৱা শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ বাবে আজি তিনিমাহে এখন প্ৰাদেশিকীকৃত প্ৰাথমিক বিদ্যালয় এজনো শিক্ষক নহোৱাকৈ চলি আছে। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব ডেফেলী মৌজা তথা তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভোলাঝাৰৰ নাথচুবা স্থিত ১নং পূব ভোলাঝাৰ প্ৰাথমিক বিদ্যালয়ত আজি তিনিমাহে এজনো শিক্ষক উপস্থিত নথকাৰ অভিযোগ উত্থাপিত হৈছে৷