newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ নজিৰ আজমল বি এড কলেজ প্ৰেক্ষাগৃহত মঙলবাৰে আজমল পৰিয়ালে সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ ভাৱে সম্বৰ্ধনা যাচে৷ স্বেচ্ছাসেৱী অনুষ্ঠান আজমল ফাউণ্ডেছনে অনুষ্ঠিত কৰা অভিনন্দন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই, নন্দিনীৰ সম্পাদিকা মাইনী মহন্ত, সাংসদ মৌলানা বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমল আদি উপস্থিত থাকে৷
ধুবুৰীৰ সাংসদ তথা আজমল ফাউণ্ডেছনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক অদীপ কুমাৰ ফুকনে ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ পৰা বিচ্ছিন্ন নহবলৈ আহ্বান জনায়৷ ছাত্ৰ-ছাত্ৰীসকলক অসম, অসমীয়া আৰু অসমীয়া জাতি গঠন সম্পৰ্কত সচেতন হ’বলৈ আহ্বান জনোৱাৰ লগতে অসমক ভালপাবলৈ শিকিবলৈ উপদেশ দিয়ে৷ এতিয়া ধৰ্ম নহয়, জাতি ৰক্ষাৰ যুঁজখনহে আগবঢ়াই নিবলৈ আহ্বান জনায় ফুকনে৷