newsnextone.com | গোৰেশ্বৰঃ অসম সাহিত্য সভাৰ আহ্বানত গোৰেশ্বৰ সাহিত্য সভাৰ উদ্যোগত বুধবাৰে এখন ৰাইজ মেল অনুষ্ঠিত হয়৷ গোৰেশ্বৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যনাথ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাইজমেলত অঞ্চলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে৷
চিপিআইএমৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ নেতা শংকৰ চৌধুৰীয়ে ভাষণ প্ৰদান কৰি ৬ বছৰীয়া আন্দোলনৰ অন্তত ১৯৭১ চনৰ ২৪ মাৰ্চত অসম চুক্তিৰ আধাৰতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হওক বুলি কয়। চৌধুৰীয়ে আৰু কয় যে অসমৰ সকলো চৰকাৰী-বেচৰকাৰী চাকৰিৰ সাক্ষাৎকাৰত এশ নম্বৰ প্ৰশ্ন উত্তৰ বাধ্যতামূলক হোৱাৰ লগতে ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ ৰাজ্য ভাষাৰ দাবী উত্থাপন কৰি মাতৃভাষা আৰু ৰাজ্যভাষাৰ জ্ঞান নথকা কোনো পক্ষকেই চাকৰি দিব নালাগে বুলি কয়৷