newsnextone.com | ডিজিটেল ডেস্কঃ পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্তসকলৰ অন্যতম এজন মেহুল চৌকসীয়ে অধিবক্তা সঞ্জয় অৱাত আৰু ৰাহুল আগৰৱালৰ জৰিয়তে মুম্বাইৰ এক বিশেষ চিবিআই আদালতত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা জামিন বিহীন গোচৰ দুটা প্ৰত্যাহাৰ কৰাৰ আবেদন কৰে৷
মেহুলে কয় যে, তেওঁৰ স্বাস্থ্যৰ অসুবিধাৰ কাৰণে তেওঁ যাত্ৰা কৰিব পৰা স্থিতিত নাই৷ লগতে ভাৰতত তেওঁৰ জীৱনলৈও শংকা আছে৷ বিগত কিছুদিনৰ ভিতৰত ভাৰতত বৃদ্ধি পোৱা গণ প্ৰহাৰৰ ঘটনাসমূহ প্ৰত্যক্ষ কৰি তেওঁ ভাৰতত গণ প্ৰহাৰৰ সন্মুখীন হ’ব লাগিব বুলি ভিতীগ্ৰস্থ হৈছে বুলি কয় মেহুলে৷