newsnextone.com | তিনিচুকীয়াঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক বাৰ্তা দিছিল দেশৰ প্ৰতিটো প্ৰাণ, প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান পৰিস্কাৰ কৰাৰ৷ তাৰ পিছতে দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷
তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল’গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ৰাজ কোষৰ কোটি কোটি টকা খৰছ কৰা সময়তে তিনিচুকীয় জিলাৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয় চৌহদৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে।