newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা প্ৰকাশিত এটা ৰিপোৰ্ট অনুযায়ী জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে চলোৱা যুদ্ধত শিশুসকলকৰ ব্যৱহাৰ কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদ তথা হিজবুল মুজাহিদিনে৷
শিশু আৰু অস্ত্ৰ যুদ্ধৰ ওপৰত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সচিবৰ তৰফৰ পৰা প্ৰকাশিত বাৰ্ষিক ৰিপোৰ্ট (২০১৭ৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ) অনুসৰি যোৱা এটা বৰ্ষত বিশ্ব সন্ত্ৰাসৰ স্বীকাৰ হৈছে ১০ হাজাৰ নিস্পাপ শিশু৷ সমীক্ষা মতে, ৮০০০ৰো অধিক শিশুক সন্ত্ৰাস বিয়পোৱাৰ বাবে ব্যৱহাৰ কৰিছিল সন্ত্ৰাসবাদী সংগঠনসমূহে৷