newsnextone.com | ৰঙিয়াঃ অসম হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা নজমুল হুদাৰ পিতৃ আব্দুল খালেকৰ (৫৫) এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লয়৷ কামৰূপৰ ৰঙিয়াৰ চেপ্তিত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লয় নজমুল হুদাৰ পিতৃ আব্দুল খালেকে।
পথ দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও সংকটজনক অৱস্থাত গুৱাহাটী চিকিসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৱাহাটীলৈ নি থকা অৱস্থাত কমলপুৰতে আব্দুল খালেকৰ মৃত্যু হয়।