newsnextone.com | খেৰণিঃ বৃহস্পতিবাৰে কাৰ্বি পাহাৰৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ৰাজ্য চৰকাৰে এখন মহিলা সমাৰোহৰ আয়োজন কৰে৷ খেৰণি হাইস্কুল খেলপথাৰত অনুষ্ঠিত সমাৰোহত বিজেপিৰ কেইবাগৰাকী নেতা, মন্ত্ৰী, বিধায়ক কাৰ্বি পৰিষদৰ নেতা ইম-জিএমৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে৷ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত মহিলা সমাৰোহত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কেইবা হাজাৰ মহিলা আত্মসহায়ক গোটৰ সদস্য উপস্থিত থাকে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ উন্নয়নৰ বাবে সকলো লোককে কাম কৰাৰ আহ্বান জনায়৷ কৰ্ম-সংস্কৃতি অবিহনে কোনো লোক, পৰিয়াল, জিলা, ৰাজ্য অথবা কোনো দেশে সর্বাংগীন উন্নয়ন লাভ কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণৰ লোকে বসবাস কৰি থকা জিলাকেইখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটনৰ ক্ষেত্ৰত ডিমা হাচাও আৰু কাৰ্বি আংলঙক আগবঢ়াই নিয়াৰ বাবে সকলোকে সহায় সহযোগিতা আগবঢ়ালৈ কৈ অসম চৰকাৰক অধিক কাম কৰি যোৱাৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায়।