newsnextone.com | নামতিঃ গৌৰৱোজ্জ্বল ছশবছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম কীৰ্তিচিহ্ন, অসমবাসীৰ বাবে অতি গৌৰৱ স্বৰূপ চৰাইদেউ মৈদামস্থল। স্বৰ্গদেউসকলৰ পবিত্র সমাধিস্থল এই মৈদামস্থলীত ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিশাল কনভয়সহ গাড়ী সোমোৱায় নি পূৰাতত্ব বিভাগৰ নীতিক উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আটাছুৱে।
সংগঠনটোৰ শিৱসাগৰ মহকুমা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক উচিয়ান হাজৰিকা আৰু বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ আৰন্ধৰাই ৰাজ্যপালগৰাকীৰ এয়া অক্ষমনীয় অপৰাধ কৰিছে বুলি কয়।