newsnextone.com হাইলাকান্দিঃ অসম চৰকাৰে ৰাজ্যৰ দ্ৰুত উন্নয়নৰ বাবে কাম কৰি যোৱা বুলি সময়ে সময়ে সভা-সমিতিয়ে উল্লেখ কৰি গৈছে৷ চৰাকৰে দ্ৰুত উন্নয়নৰ কথা উল্লেখ কৰিলেও দেখা যায় যে চৰকাৰী আঁচনিৰ কাম বিভিন্ন সময়ত সম্পূৰ্ণ হৈ উঠা দেখা নাযায়৷ যাৰ বাবে চৰকাৰ যে ব্যৰ্থ হয় তাৰ প্ৰমাণ পোৱা যায় এনে ধৰণৰ আধৰুৱা কাম সমূহৰ জৰিয়তে৷ সমগ্ৰ ৰাজ্যত বহু আঁচনি আজিও আধৰুৱা হৈ থকা দেখা যায়৷ ৰাজ্যৰ বিভিন্ন এলেকৰ লগতো বৰাক উপত্যকাৰ হাইলাকান্দিৰ জিলাত বিভিন্ন আঁচনিৰ কাম আজিও আধৰুৱা হৈ থকা দেখা গৈছে৷
হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন আঁচনিৰ কাম আধৰুৱা কৰি ৰখা পৰিলক্ষিত হৈছে৷ সমগ্ৰ জিলাত ২০১৫-১৬ বৰ্ষৰ উন্নয়নৰ কামেই আজিও আধৰুৱা হৈ আছে৷ নতুন আঁচনিৰ কাম কৰাটো দুৰৰ কথা৷