Home ৰাজ্যবানৰ পিছতেই বৰাকত পথৰ জৰাজীৰ্ণ অৱস্থা, গ্ৰাম্য এলেকাত বোকাৰে ভৰি পৰিছে পথ

বানৰ পিছতেই বৰাকত পথৰ জৰাজীৰ্ণ অৱস্থা, গ্ৰাম্য এলেকাত বোকাৰে ভৰি পৰিছে পথ

by News Desk
58 views
A+A-
Reset

newsnextone.com | হাইলাকান্দিঃ কেইবাটাও দিনধৰি দি থকা নেৰেনেপেৰা বৰষুণৰ ফলত কেইবাটাও নৈৰ বাঢ়নী পানীৰ বাবে বৰাক উপত্যকাৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা ভয়াবহ বানৰ কৱলত পৰে৷ প্ৰায় ১০ দিন বানৰ কৱলত পৰাৰ অন্তত ক্ৰমান্বয়ে পানী শুকাই মানুহে বানৰ কৱলৰ পৰা পৰিত্ৰাণ পাইছে যদিও বানৰ পিছত কেইবাটাও সমস্যাই দেখা দিছে জিলা কেইখনত৷ 

বিশেষকৈ জিলা তিনি খনত পথৰ সমস্যাই ব্যাপক বিপদত পেলাইছে ৰাইজক৷ বানৰ পানীয়ে প্ৰায় সমূহ বাট-পথ বিধ্বস্ত কৰি থৈ যোৱাত যাতায়াতত ব্যাপক সমস্যাত পৰিছে ৰাইজ৷ কিছু দিন আগলৈ গাঁত নথকা পথ সমূহত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ সেই গাঁত সমূহত পানী জমা হোৱাত ৰাইজে বিপদত পৰিছে৷
 
আনহাতে চৰকাৰে বিভিন্ন পথ দীৰ্ঘ দিন মেৰামতি নকৰাত বানৰ পিছতে গ্ৰাম্য এলেকাত পথ সমূহ বোকা-পানীৰে ভৰি পৰিছে৷ তেনেদৰে হাতত চেণ্ডেল লৈ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীয়ে আহ-যাহ কৰিব লগা হৈছে৷ ৰাইজে গ্ৰাম্য পথৰ লগতে গড়কাপ্তানী বিভাগৰ পথ সমূহ শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0