Home দেশগৌৰি লংকেশৰ দৰেই গুলীয়াই হত্যা কৰিব পাৰে অভিনেতা প্ৰকাশ ৰাজক

গৌৰি লংকেশৰ দৰেই গুলীয়াই হত্যা কৰিব পাৰে অভিনেতা প্ৰকাশ ৰাজক

by News Desk
48 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ গৌৰি লংকেশ পত্ৰিকাৰ প্ৰতিষ্ঠাপক গৌৰি লংকেশক হত্যা কৰাৰ দৰেই অভিনেতা প্ৰকাশ ৰাজকো হত্যা কৰা হ’ব পাৰে৷ গৌৰি লংকেশ হত্যাৰ তদন্ত কৰি থকা দলে দিয়া প্ৰতিবেদনত এই কথা উল্লেখ কৰে৷ এই তথ্য প্ৰকাশ হোৱাৰ পিছতে অভিনেতা প্ৰকাশ ৰাজৰ সমৰ্থকসকল চিন্তিত হৈ পৰিছে৷ চৰকাৰৰ জনবিৰোধী নীতিকে ধৰি বিভিন্ন অনীতিৰ বিৰুদ্ধ বিভিন্ন সময়ত বিজেপি চৰকাৰক সমালোচনা কৰি অহাৰ বাবেই তেওঁক হত্যা কৰা হ’ব পাৰে বুলি চিন্তা জাহিৰ কৰে খোদ অভিনেতা প্ৰকাশ ৰাজে৷ অভিনেতা প্ৰকাশ ৰাজে কয় ‘‘মোক মুখ বন্ধ কৰাৰ বাবে এনে কৰিব পাৰে৷’’  

ৰাজহুৱা স্থানত সভা-সমিতি অনুষ্ঠিত কৰি প্ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অহা প্ৰকাশ ৰাজক গৌৰি লংকেশৰ দৰেই হত্যা কৰা হ’ব পাৰে বুলি গৌৰি লংকেশৰ হত্যাৰ তদন্ত কৰি থকা আৰক্ষীৰ বিশেষ দলে প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰে৷ তাৰ পিছতে তেওঁ কয় ‘‘কাৰো ভাবুকিত পিছুৱাই নাহোঁ৷ ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে মোৰ মতামত অব্যাহত থাকিব৷’’  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0