newsnextone.com | ডিজিটেল ডেস্কঃ সততে দেশৰ বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিদেশ ভ্ৰমণত ব্যস্ত থকা বুলি সমালোচনা কৰি আহিছে৷ দেশৰ উন্নয়নৰ পৰিবৰ্তে বিদেশ ভ্ৰমণত ব্যস্ত থকা বুলি অভিযোগ উত্থাপন হৈ অহা মোডীয়ে কিমান বাৰ বিদেশলৈ গ’ল, কিমান টকা খৰছ কৰিলে, কেইখন দেশলৈ গ’ল এনে তথ্য বিচাৰি বিভিন্ন জনে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে জানিব বিচাৰিছিল৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এনে তথ্য সমূহ দিবলৈ অমান্তি হৈছিল৷
কিন্তু শেহতীয়া তথ্য মতে, নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লেৱাৰ পৰা এতিয়ালৈ যোৱা ৪ বছৰত ৫২ খন দেশ আৰু ৪১ বাৰ বিদেশ ভ্ৰমণ কৰিছে৷ নিজৰ ৪৮ মাহৰ কাৰ্যকালত মোডীয়ে ১৬৫ দিন কটাইছে বিদেশত৷ আৰ টি আই কৰ্মী ভীমাপ্পা গৰাৰে তথ্য জনাৰ অধিকাৰ আইনৰ অধিনত কৰা আবেদনৰ তথ্য দি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৪১টা বিদেশ ভ্ৰমণত ব্যয় হৈছে ৩৫৫ কোটি টকা ব্যয় হোৱাৰ কথা উল্লেখ কৰে৷ এই পৰ্যন্ত ২০১৫ চনৰ ৯-১৫ এপ্ৰিললৈ মোডীয়ে ফ্ৰান্স, জাৰ্মানী আৰু কানাডাৰ ত্ৰিদেশীয় ভ্ৰমণ আছিল আটাইতকৈ ব্যয়বহুল৷ ভ্ৰমণত ৩১,২৫,৭৮,০০০ টকা ব্যয় হৈছিল৷