newsnextone.com | নলবাৰীঃ দিছপুৰৰ গাদীত বহা বিজেপি চৰকাৰৰ নিৰ্দেশ পালন নকৰে এচাম চৰকাৰী বিষয়াই৷ কৰ্ম সংস্কৃতিৰ কথা মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে যদিও তেনে কথাক কেৰেপ নকৰে একাংশ বিষয়াই৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনে নতুনকৈ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ যিমানেই নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে কাৰ্যতঃ সকলোবোৰ যে ভেকোভাঁওনাত পৰিণত কৰিছে একাংশ বিষয়াই৷
পৰিবহন বিভাগৰ দৰে সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ সেৱাৰ দায়িত্বত নিয়োজিত হৈ বিভাগটোৰ এটা গুৰুত্বপূৰ্ণ পদবীত থাকি কেনেকৈ মাহৰ পিছত মাহ ধৰি কাৰ্যালয়ত ফাঁকি দি আহিছে তাৰ প্ৰমাণ শনিবাৰে পোৱা গ’ল৷