newsnextone.com | ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন দত্তক দুৰ্নীতি নিবাৰক শাখাই থানাখনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ আৰক্ষী বিষয়াগৰাকীয়ে এটা গোচৰৰ জামিন সন্দৰ্ভত এজন লোকৰ পৰা ৬০ হেজাৰ টকা বিচাৰিছিল যদিও লোকজনে এজন দালালৰ জৰিয়তে ৬ হাজাৰ দিবলৈ ৰাজি হৈছিল৷ তাৰ পিছতে লোকজনে আৰক্ষী বিষয়াই টকা বিছৰাৰ অভিযোগ দিছিল দুৰ্নীতি নিবাৰক শাখাক৷ দুৰ্নীতি নিবাৰক শাখাৰ লোকৰ সন্মুখতে আৰক্ষী বিয়ষাগৰাককী ৬ হেজাৰ টকা দিয়াৰ সময়তে হাতে লোটে ধৰে বিষয়াগৰাকীক। শুকুৰবাৰে নিশা প্ৰায় ৮ মান বজাত আৰক্ষী বিষয়াগৰাকীক ধন দিয়াৰ সময়তে থানা খনতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি কেইবাঘণ্টা ধৰি সোধপোছ কৰে৷
জানিব পাৰ মতে, কাউৰবাহা উপ-আৰক্ষী চকীৰ এলেকাৰ বিহাপাৰাৰ আইনাল আলী নামৰ লোকজনৰ পৰা কাজিয়াৰ গোচৰৰ জামিনৰ বাবে আৰক্ষী বিষয়াগৰাকীয়ে ৬০ হাজাৰ টকা বিচৰা বুলি অভিযোগ উত্থাপন হয়। তাৰ পিছতে লোকজনে ন্যায়ালয়ত জামিন আবেদন কৰি জামিন লাভ কৰে। সেইমতে জামিনৰ প্ৰতিলিপি আৰক্ষী থানাত দিবলৈ অহাত আৰক্ষী বিষয়াগৰাকীয়ে পূৰ্বে বিচৰা টকা পুনৰ বিচাৰে৷ অন্যথাই আদালেত দিয়া জামিনৰ প্ৰতিলিপি গ্ৰহণ নকৰাৰ অজুহাত দেখুৱাই৷ পিছত লোকজনে বিষয়টো অধিবক্তাক অৱগত কৰাৰ লগতে আলোচনাৰ মাধ্যমত বিষয়টো সমাধান কৰিম বুলি কয়৷ তাৰ পিছতে লোকজনে দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰে। সেইমতে শুকুৰবাৰে আৰক্ষী থানা খনত দুৰ্নীতি নিবাৰক শাখাৰ এটা দল উপস্থিত হয়।