52
newsnextone.com | নগাওঁঃ অসম মাতৃক বিশ্বৰ বুকুত জিলিকাই তুলিবলৈ সক্ষম হোৱা দৌৰবিদ হিমা দাস সুদীৰ্ঘ ৯ মাহৰ মূৰকত শনিবাৰে নিজ গৃহ উপস্থিত হয়। শনিবাৰ নগাঁৱৰ পৰা ধিং পোৱাৰ পিছতে বিভিন্ন লোকে ধিং-কান্ধুলীমাৰী পথত হিমাক সম্বৰ্ধনা যাচে৷ নিজৰ গাঁৱলৈ যোৱাৰ পথত ধিং প্ৰেছ ক্লাৱ, ধিং আছু আৰু ধিং আউনীআটী শাখা সত্ৰকে ধৰি বিভিন্ন দল-সংগঠনে হিমাক উষ্ম আদৰণি জনায়।