newsnextone.com | ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ সাংবাদিক স্বৰূপ লষ্কৰৰ সংবাদ জগতৰ পৰা আকষ্মিক ভাৱে বিদায় লয়৷ সাংবাদিক স্বৰূপ লষ্কৰক কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱে ডিফুস্থিত থেকাৰ কাকতৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে বিদায় জনায়৷
জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত সাংবাদিক স্বৰূপ লষ্কৰক বিভিন্ন সাংবাদিকে ফুলাম গামোচা, পহ’ আদিৰে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰে৷ সাংবাদিকতাৰ জীৱন সামৰণি মৰা স্বৰূপ লষ্কৰক এক আবেগিক পৰিৱেশত কৰ্মজীৱনৰ অন্তিমটো দিনত পাহাৰীয়া জিলাখনৰ সাংবাদিকসকলে বিদায় দিয়ে৷