newsnextone.com | ৰঙিয়াঃ দেওবাৰে ৰঙিয়া আৰক্ষীয়ে এজন সন্দেহজনক যুৱকক গ্ৰেপ্তাৰ কৰে৷ যুৱকজন নলবাৰী জিলাৰ ঘোগৰাপাৰ কঞাকুছিৰ বিনয় কলিতা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, ৰঙিয়া মুৰৰাৰ দুটা পৰিয়ালৰ মাজত সংঘটিত হোৱা কাজিয়াৰ আলম লৈ ৰঙিয়া আৰক্ষী থানাত পৰিয়াল দুটাই গোচৰ ৰুজু কৰিছিল।
গোচৰ চলি থকা সময়তে নলবাৰী জিলাৰ ঘোগৰাপাৰ কঞাকুছিৰ বিনয় কলিতা নামৰ যুৱকজনে ৰঙিয়াৰ বিনিতা শইকীয়া নামৰ মহিলাৰ পৰিয়ালটোত উপস্থিত হৈ নিজকে দুৰ্নীতি নিবাৰক শাখাৰ এজন বিষয়া বুলি পৰিচয় দিয়ে। যুৱকজনে ৰঙিয়া থানাৰ গোচৰ মিমাংসা কৰি দিয়াৰ বাবে টকা দাবী কৰে।