Home ৰাজ্যহিন্দু বাংলাদেশীৰ বিৰুদ্ধে সৰৱ প্ৰফুল্ল কুমাৰ মহন্ত

হিন্দু বাংলাদেশীৰ বিৰুদ্ধে সৰৱ প্ৰফুল্ল কুমাৰ মহন্ত

by News Desk
65 views
A+A-
Reset

কোকৰাঝাৰঃ বিজেপি চৰকাৰে হিন্দু বাংলাদেশীৰ সপক্ষে মাত মাতি অহাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে অাজি কোকৰাঝাৰত প্ৰতিবাদমুখৰ হৈ পৰে। চৰকাৰে হিন্দু বাংলাদেশীক অসমত অাশ্ৰয় দিয়া সন্দৰ্ভত সিদ্ধান্তৰ মুকলি বিৰোধিতা কৰি হিন্দু বাংলাদেশীক ৰাজ্যত অাশ্ৰয় দিলে ভাষা, সংস্কৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰিছে।

নতুন প্ৰজন্মৰ সুৰক্ষাৰ বাবে অসম চুক্তি কৰা হৈছিল অাৰু সকলো ৰাজনৈতিক দল-সংগঠনে উক্ত চুক্তি মাানি লোৱাৰ পিছত এতিয়া একমাত্ৰ ৰাজনৈতিক কাৰণতে ভোটৰ অংকৰে হিন্দু বাংলাদেশীক অাশ্ৰয় দিব খোজা বিষয়টো কোনোপধ্যে ৰাইজে মানি নল’ব, বৰং ১৯৭১ চনৰ পিছত অহা যিকোনো ধৰ্মৰ লোকক বহিষ্কাৰ সন্দৰ্ভতহে জনসাধাৰণে ৰায় দিব। অসম চুক্তি অাখৰে অাখৰে ৰূপায়িত হ’লেহে সমস্যা দূৰীভূত হ’ব বুলি মন্তব্যৰে প্ৰফুল্ল কুমাৰ মহন্তই গুজৰাটত হিন্দু বাংলাদেশীক অাশ্ৰয় দিলে অৱশ্যে অাপত্তি নাই বুলি মন্তব্য কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0