newsnextone.com | চাবুৱাঃ অবৈধ লালিগুড়ৰ ব্যৱসায় বন্ধ কৰা, জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদানৰ দাবীত মঙলবাৰে টিংখাঙত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷
সংগঠন তিনিটাৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ৰাজগড় আৰু টিংখাঙ অঞ্চলৰ অবৈধ সুৰাৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা, লালি গুড়ৰ ব্যৱসায় বন্ধ কৰা আৰু জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদানৰ দাবী জনায়৷