newsnextone.com | লংকাঃ হোজাই জিলাৰ লংকাত এটি অবুজ শিশুক মাতৃৰ কোলাৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ ভালুকমাৰীৰ প্ৰফেচাৰ কলনিৰ এগৰাকী মাতৃয়ে নিজ ঘৰৰ ভিতৰত ডেৰ বছৰীয়া সন্তানক কোলাত লৈ আছিল৷
তেনেতে এজন যুৱক হঠাৎ ঘৰত প্ৰৱেশ কৰি মাতৃক আক্ৰমণ কৰে আৰু ডেৰ বছৰীয়া শিশুটোক কোলাৰ পৰা টানি লৈ উধাও হয়৷ সেই সময়ত দুৰ্বৃত্তৰ হাতত আছিল এখন ডেগাৰ লগে লগে মাতৃয়ে চিঞৰ-বাখৰ কৰাত ৰাইজ ওলাই আহি দুৰ্বৃত্তৰ পিছে পিছে খেদি যোৱাত পথত শিশুটোক পথাৰত পেলাই থৈ যায়৷