Home ৰাজ্যবড়োলেণ্ড বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ গৱেষকে গৱেষণাপত্ৰ জমা দিব লাগিব ইংৰাজীত

বড়োলেণ্ড বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ গৱেষকে গৱেষণাপত্ৰ জমা দিব লাগিব ইংৰাজীত

by News Desk
57 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ অসমীয়া ভাষাৰ গৱেষক ছাত্ৰই পিএইচডি ডিগ্ৰী লাভৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত গৱেষণাপত্ৰ জমা দিবলগীয়া হোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যি সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ সিদ্ধান্ত মৰ্মে বিশ্ববিদ্যালয়খনত আধুনিক ভাৰতীয় ভাষা বিভাগসমুহ যেনে বড়ো, বাংলা, হিন্দী আদি ভাষাৰ গৱেষণাপত্ৰসমুহ উক্ত ভাষাতে জমা দিব পাৰিব বুলি কোৱা হৈছে তেনে সময়তে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তই গৱেষকসকলক বিব্ৰত কৰি তুলিছে।

উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত অাধুনিক ভাৰতীয় ভাষা তথা অসমীয়া বিভাগৰ গৱেষণাৰত গৱেষকসকলক তেওঁলোকৰ গৱেষণাপত্ৰ ইংৰাজী ভাষাত জমা নিদিলে গৱেষণাপত্ৰ গ্ৰহণ কৰা নহব বুলি সিদ্ধান্ত গ্ৰহণ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । সকলো নীতি নিয়ম ভৰিৰে মোহাৰি অসমীয়া বিভাগত গৱেষণা কৰা গৱেষক সকলক তেওঁলোকৰ গৱেষণাপত্ৰ ইংৰাজী ভাষাত জমা দিবলৈ নিৰ্দেশনা দিয়াৰ আঁৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কুটিল উদ্দেশ্য নিহিত হৈ আছে বুলি একাংশ গৱেষকে মন্তব্য কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0