50
newsnextone.com | ডিজিটেল ডেস্কঃ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পৰিচিত শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব ২৭ জুলাইৰ আকাশত। জোনটো নীলাৰ পৰা তেজ-ৰঙী হৈ উঠিব।
এই বিৰল পৰিঘটনা দেখিবলৈ পাব অসম, উত্তৰ-পূৰ্বাঞ্চলবাসী আৰু ভাৰতে। একবিংশ শতিকাৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ অহা ২৭ জুলাইৰ নিশা দেখিবলৈ পোৱা যাব৷ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাও এই চন্দ্ৰৰ পূৰ্ণগ্ৰাস পৰ্যবেক্ষণ কৰিব পৰা যাব৷