newsnextone.com | ওদালগুৰিঃ ওদালগুৰি সদৰৰ অন্যতম শিক্ষনুষ্ঠান ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃগেন্দ্ৰনাথ কলিতাই শুকুৰবাৰে মৃত্যুক আকোৱালি লয়৷ ৫৫ বছৰ বয়সত অধ্যক্ষ মৃগেন্দ্ৰনাথ কলিতাই মৃত্যুক আকোৱালি লোৱাত সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ পৰে। প্ৰয়াত কলিতাই দীৰ্ঘদিন ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে পুৱা প্ৰায় ৪.১৫ বজাত প্ৰস্ৰাৱগাৰলৈ যোৱাৰ সময়ত হঠাৎ পিছলি পৰে অধ্যক্ষ কলিতা। ইয়াৰ কিছুসময় পাছত তেওঁৰ মৃত্যু ঘটে বুলি জানিব সৰা গৈছে। শিক্ষকতাৰ উপৰিও কলিতা এগৰাকী সু-কবি আছিল।
তেওঁ ওদালগুৰি সাহিত্য সভাৰ পত্ৰিকা সম্পাদকৰ উপৰিও ওদালগুৰি জিলা কবি সমাজৰ প্ৰাক্তন সভাপতিৰ লগতে ওদালগুৰিৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জৰিত হৈ আছিল। তেওঁ ১৯৬২ চনৰ ২৪ অক্টোৱৰ জন্ম গ্ৰহণ কৰা কলিতাই হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে এম এড ডিগ্ৰীও লাভ কৰে।