নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ বিভিন্ন স্থানত মৰণ ফান্দ সদৃশ গাঁতত পৰিণত হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ। জিলাখনৰ পশ্চিম প্ৰান্তৰ হাৱাজানৰ পৰা আৰম্ভ কৰি হাৰমতী পর্যন্ত প্রায় ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ।
সময়ে সময়ে এই প্ৰকাণ্ড গাঁতবোৰৰ বাবে বিভন্ন ধৰণৰ সমস্যাৰ লগতে বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে। কেইমাহমান পূৰ্বে সমান্যভাৱে মেৰামতি কৰা হৈছিল যদিও মেৰামতি অতিকৈ নিম্নমানৰ হোৱা বাবে এসপ্তাহৰ ভিতৰতে পুনৰ একেদৰে গাঁতৰ সৃষ্টি হয়।