newsnextone.com | পৰ্বতঝোৰাঃ বিটিএডি এলেকাৰ ৰাইজক মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা মহিলাৰীৰ বিটিচিত এতিয়া ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিব লগা হৈছে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে মডেল বিটিচিৰ শ্ল’গান দিয়ে যদিও সেয়া শ্ল’গানতে আৱদ্ধ হৈ আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
আজিও বিটিচিৰ চাৰিখন জিলাত বহু নৈত দলং নথকাৰ ফলত ৰাইজে নাঁৱেৰে নৈ পাৰ হ’ব লগা হয়৷ বহু গ্ৰাম্য পথ পথাৰে নে পথেই চিন চাব নোহোৱা হৈছে৷ সভা-সমিতিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী তথা অন আন কাৰ্যবাহীসকলে উন্নয়নৰ ফটাঢোল কোবাই আহিছে যদিও সেয়া ফুটুকাৰ ফেনহে মাথো৷ বিশেষকৈ বিটিএডিৰ একাংশ এলেকাৰ বাট-পথৰ অৱস্থা বহু বেয়া৷