newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা যশৱান্ত সিনহাই শনিবাৰে এটি টুইট কৰি তেওঁৰ পুত্ৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই ঝৰখাণ্ডৰ গো ৰক্ষাৰ নামত এগৰাকী লোকৰ হত্যাকাণ্ডৰ সৈতে জৰিত দোষীক ফুলৰ মালা পিন্ধোৱা কাৰ্যত সুখী নহয় বুলি কয়৷ এই কাৰ্যৰ সৈতে কানো সম্পৰ্ক নাই বুলিও কয় যশৱান্ত সিনহাই৷
টুইট কৰি যশৱান্ত সিনহাই কয় ‘‘প্ৰথমে মই যোগ্য পুত্ৰৰ অযোগ্য পিতৃ আছিলোঁ৷ কিন্তু ভূমিকা সলনি হ’ল৷ এতিয়া টুইটাৰত মানুহে এনেদৰে কব ধৰিছে৷ মই মোৰ পুত্ৰৰ সিদ্ধান্তৰ সৈতে কোনো সম্পৰ্ক নাৰোখো৷ মই জানো ইয়াৰ পিছতো টুইটাৰত অপমান হম৷ আপুনি কেতিয়াও বিজয়ী হ’ব নোৱাৰা৷’’ এই টুইট কিছু সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে৷