newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ মোডী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদান্বৰমে৷ দেশৰ আৰ্থিক অৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মন্ত্ৰী সভাৰ আন আন মন্ত্ৰীসকল নিমাত হৈ থকা কাৰ্যত প্ৰশ্ন উত্থাপন কৰে চিদাম্বৰমে৷
দেওবাৰে মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত মহাৰাষ্ট্ৰ কংগ্ৰেছৰ এখন আলোচনা চক্ৰত চিদাম্বৰমে কয় ‘‘দেশৰ জিডিপিৰ হাৰ কমিছে৷ নিবেশৰ ক্ষেত্ৰত সংকটে দেখা দিছে৷ নতুন কৰ্মসংস্থাপন সৃষ্টি হোৱা নাই৷ কোনো বেংকে সাধাৰণ শিল্প সংস্থাক ঋণ দিবলৈ সাঁজু নহয়৷’’