newsnextone.com | গোলকগঞ্জঃ পৰিৱৰ্তনৰ দোহাই দি চৰকাৰ গঠন কৰা বিজেপি, অগপ আৰু বিপিএফ দলে সঁচাকৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছেনে৷ যদি এই কথাৰ উত্তৰ বিচাৰিব লগা হয় তেন্তে পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ মাজত পাৰ্থক্য কি আছে তাকেই চাব লাগিব৷ পূৰ্বৰ চৰকাৰৰ দিনত ব্যাপক দুৰ্নীতি-ভ্ৰষ্টাচাৰ হৈছিল সেয়া আজিও হৈ আছে৷ হয়তো দুৰ্নীতিৰ কথা প্ৰচাৰ কম কৈ হয়৷
প্ৰতিটো কাৰ্যালয়ত কাম কৰি দিয়াৰ বিনিময়ত আজিও টকা দিব লগা হয়৷ কেৱল বিষয়াৰ টকা সংগ্ৰহ কৰাৰ পদ্ধতি সলনি হৈছে৷ আজিও জীৱন সম্পত্তিৰ সুৰক্ষাৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হয়৷ সীমান্তত নগাই তাণ্ডৱ আজিও চলাই গৈছে৷ আজিও ৰাজ পথত যান-বাহনৰ পৰা টকা সংগ্ৰহ কৰাৰ নিয়ম চলি আছে৷ ঠিকাদাৰৰ মই মতালি আজিও চলে৷