newsnextone.com | ডিব্ৰুগড়ঃ সমাজকৰ্মী দীপক কুমাৰ চাহুৰ মৃত্যুত ডিব্ৰুগড় জিলাত শোকৰ ছাঁ পৰে৷ ডিব্ৰুগড় জিলাৰ ডিকম নিবাসী দীপক কুমাৰ চাহুৱে ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত সোমবাৰে মৃত্যুক আকোৱালি লয়৷
দীপক কুমাৰ চাহু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য প্ৰভাত চাহুৰ জ্যেষ্ঠ ভাতৃ আছিল৷ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যাসহ অাত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ দীপক চাহুয়ে ডিকমৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ অাছিল৷ চাহুৰ মৃত্যুত ডিকমত শোকৰ ছাঁ পৰাৰ লগতে ডিকম চ’ক ব্যৱসায়ীয়ে দোকান-পোহাৰ বন্ধ ৰাখি চাহুক শ্ৰদ্ধা যাচে৷